وَلِكُلٍّ وِجْهَةٌ هُوَ مُوَلِّيهَا فَٱسْتَبِقُوا۟ ٱلْخَيْرَٰتِ أَيْنَ مَا تَكُونُوا۟ يَأْتِ بِكُمُ ٱللَّهُ جَمِيعًا إِنَّ ٱللَّهَ عَلَىٰ كُلِّ شَىْءٍ قَدِيرٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু প্ৰত্যেকৰে একোটাকৈ (নিৰ্দিষ্ট) দিশ আছে, সেই ফালেই সি মুখ কৰে, এতেকে তোমালোকে সৎকৰ্মত প্ৰতিযোগিতা কৰা। তোমালোকে য’তেই নাথাকা কিয় আল্লাহে তোমালোক সকলোকে সমবেত কৰিব। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।