وَإِذْ جَعَلْنَا ٱلْبَيْتَ مَثَابَةً لِّلنَّاسِ وَأَمْنًا وَٱتَّخِذُوا۟ مِن مَّقَامِ إِبْرَٰهِـۧمَ مُصَلًّى وَعَهِدْنَآ إِلَىٰٓ إِبْرَٰهِـۧمَ وَإِسْمَٰعِيلَ أَن طَهِّرَا بَيْتِىَ لِلطَّآئِفِينَ وَٱلْعَٰكِفِينَ وَٱلرُّكَّعِ ٱلسُّجُودِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু স্মৰণ কৰা, যেতিয়া আমি কা’বাঘৰক মানৱ জাতিৰ মিলন কেন্দ্ৰ তথা নিৰাপত্তাস্থল বনালোঁ; আৰু (আদেশ দিলোঁ যে,) ‘তোমালোকে মাকামে ইব্ৰাহীমক ছালাতৰ স্থানৰূপে গ্ৰহণ কৰা। ইব্ৰাহীম আৰু ইছমাঈলক দায়িত্ব দিছিলোঁ যে, তোমালোকে মোৰ ঘৰক তাৱাফকাৰী, এ’তেকাফকাৰী আৰু ৰুকু’ আৰু ছাজদাকাৰীসকলৰ বাবে পৱিত্ৰ ৰাখিবা’।