ٱلَّذِينَ ءَاتَيْنَٰهُمُ ٱلْكِتَٰبَ يَتْلُونَهُۥ حَقَّ تِلَاوَتِهِۦٓ أُو۟لَٰٓئِكَ يُؤْمِنُونَ بِهِۦ وَمَن يَكْفُرْ بِهِۦ فَأُو۟لَٰٓئِكَ هُمُ ٱلْخَٰسِرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanযিসকলক আমি কিতাব প্ৰদান কৰিছোঁ, সিহঁতৰ মাজত যিসকলে যথাযথভাৱে সেয়া তিলাৱত কৰে, তেওঁলোকেই ইয়াৰ প্ৰতি ঈমান পোষণ কৰে; আনহাতে যিসকলে ইয়াক অস্বীকাৰ কৰে, সিহঁতেই হৈছে ক্ষতিগ্ৰস্ত।