فَإِن تَوَلَّوْا۟ فَقَدْ أَبْلَغْتُكُم مَّآ أُرْسِلْتُ بِهِۦٓ إِلَيْكُمْ وَيَسْتَخْلِفُ رَبِّى قَوْمًا غَيْرَكُمْ وَلَا تَضُرُّونَهُۥ شَيْـًٔا إِنَّ رَبِّى عَلَىٰ كُلِّ شَىْءٍ حَفِيظٌ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘এতেকে তোমালোকে যদি বিমুখ হোৱা, তেন্তে (জানি থোৱা) মই যি বাৰ্তাসহ তোমালোকৰ ওচৰলৈ প্ৰেৰিত হৈছোঁ সেয়া মই তোমালোকক অৱগত কৰিছোঁ; আৰু মোৰ প্ৰতিপালকে তোমালোকৰ ঠাইত বেলেগ কোনো জাতিক তোমালোকৰ স্থলাভিষিক্ত কৰিব আৰু তোমালোকে তেওঁৰ কোনো ক্ষতি সাধন কৰিব নোৱাৰিবা। নিশ্চয় মোৰ প্ৰতিপালক সকলো বস্তুৰ ৰক্ষণাবেক্ষণকাৰী’।