أُو۟لَٰٓئِكَ ٱلَّذِينَ ءَاتَيْنَٰهُمُ ٱلْكِتَٰبَ وَٱلْحُكْمَ وَٱلنُّبُوَّةَ فَإِن يَكْفُرْ بِهَا هَٰٓؤُلَآءِ فَقَدْ وَكَّلْنَا بِهَا قَوْمًا لَّيْسُوا۟ بِهَا بِكَٰفِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএওঁলোকেই হৈছে সেইসকল লোক, যিসকলক আমি কিতাব, কৰ্তৃত্ব আৰু নবুওৱত দান কৰিছিলোঁ, এতেকে যদি সিহঁতে (কাফিৰসকলে) ইয়াৰ লগত কুফুৰী কৰে, তেন্তে (জানি থোৱা) আমি ইয়াৰ দায়িত্বভাৰ এনে এটা সম্প্ৰদায়ক দিছোঁ যিসকলে ইয়াৰ লগত কুফুৰী নকৰিব।