تَرَى ٱلظَّٰلِمِينَ مُشْفِقِينَ مِمَّا كَسَبُوا۟ وَهُوَ وَاقِعٌۢ بِهِمْ وَٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ فِى رَوْضَاتِ ٱلْجَنَّاتِ لَهُم مَّا يَشَآءُونَ عِندَ رَبِّهِمْ ذَٰلِكَ هُوَ ٱلْفَضْلُ ٱلْكَبِيرُ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতুমি যালিমসকলক সিহঁতৰ কৃতকৰ্মৰ বাবে ভীত-সন্ত্ৰস্ত দেখিবলৈ পাবা। অথচ সেয়া আপতিত হ’ব সিহঁতৰেই ওপৰত। আনহাতে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে থাকিব জান্নাতৰ উদ্যানসমূহত। তেওঁলোকে যিটোৱেই বিচাৰিব সেইটোৱেই তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত পাব। এইটোৱেই হৈছে মহা অনুগ্ৰহ।