وَأَوْحَيْنَآ إِلَىٰٓ أُمِّ مُوسَىٰٓ أَنْ أَرْضِعِيهِ فَإِذَا خِفْتِ عَلَيْهِ فَأَلْقِيهِ فِى ٱلْيَمِّ وَلَا تَخَافِى وَلَا تَحْزَنِىٓ إِنَّا رَآدُّوهُ إِلَيْكِ وَجَاعِلُوهُ مِنَ ٱلْمُرْسَلِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি মুছাৰ মাতৃৰ প্ৰতি নিৰ্দেশ দিলোঁ যে, তাক পিয়াহ খুওৱা; যেতিয়া তুমি ইয়াৰ বিষয়ে কোনো আশংকা কৰিবা, তেতিয়া ইয়াক সাগৰত নিক্ষেপ কৰিবা আৰু ভয় নকৰিবা লগতে চিন্তিতও নহ’বা। নিশ্চয় আমি ইয়াক তোমাৰ ওচৰলৈ ঘূৰাই আনিম আৰু ইয়াক ৰাছুলসকলৰ অন্তৰ্ভুক্ত কৰিম।