وَإِذْ وَٰعَدْنَا مُوسَىٰٓ أَرْبَعِينَ لَيْلَةً ثُمَّ ٱتَّخَذْتُمُ ٱلْعِجْلَ مِنۢ بَعْدِهِۦ وَأَنتُمْ ظَٰلِمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু স্মৰণ কৰা, যেতিয়া আমি মূছাৰ সৈতে চল্লিশ ৰাতিৰ প্ৰতিশ্ৰুতি লৈছিলোঁ, তেওঁ (গুচি যোৱা)ৰ পিছত তোমালোকে দামুৰি এটাক (উপাস্যৰূপে) গ্ৰহণ কৰিছিলা, আৰু তোমালোক যালিম হৈ গৈছিলা।