فَٱنطَلَقَا حَتَّىٰٓ إِذَآ أَتَيَآ أَهْلَ قَرْيَةٍ ٱسْتَطْعَمَآ أَهْلَهَا فَأَبَوْا۟ أَن يُضَيِّفُوهُمَا فَوَجَدَا فِيهَا جِدَارًا يُرِيدُ أَن يَنقَضَّ فَأَقَامَهُۥ قَالَ لَوْ شِئْتَ لَتَّخَذْتَ عَلَيْهِ أَجْرًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিচত দুয়ো আকৌ যোৱা আৰম্ভ কৰিলে, অৱশেষত যেতিয়া তেওঁলোকে এটা জনপদৰ অধিবাসীসকলৰ ওচৰলৈ গৈ উপস্থিত হ’ল, তেতিয়া তেওঁলোকে সিহঁতৰ ওচৰত খাদ্য বিচাৰিলে; কিন্তু সিহঁতে তেওঁলোকক আতিথ্য কৰিবলৈ অস্বীকাৰ কৰিলে। তাৰ পিছত তেওঁলোকে তাত এখন প্ৰাচীৰ দেখা পালে, যিখন বাগৰি যোৱাৰ উপক্ৰম হৈছিল, তেতিয়া তেওঁ সেইটোক সুদৃঢ় কৰি দিলে। মুছাই ক’লে, ‘আপুনি ইচ্ছা কৰিলে ইয়াৰ বাবে পাৰিশ্ৰমিক গ্ৰহণ কৰিব পাৰিলেহেঁতেন’।