قُلْ هَلْ مِن شُرَكَآئِكُم مَّن يَبْدَؤُا۟ ٱلْخَلْقَ ثُمَّ يُعِيدُهُۥ قُلِ ٱللَّهُ يَبْدَؤُا۟ ٱلْخَلْقَ ثُمَّ يُعِيدُهُۥ فَأَنَّىٰ تُؤْفَكُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকোৱা, ‘তোমালোকে অংশী স্থাপন কৰা (উপাস্য)বিলাকৰ মাজত এনেকুৱা কোনোবা আছে নেকি যিয়ে সৃষ্টিৰ সূচনা কৰিব পাৰে আৰু তাৰ পিছত সেইটোৰ পুনৰাবৃত্তিও কৰিব পাৰে’? কোৱা, ‘কেৱল আল্লাহেই সৃষ্টিক অস্তিত্বত আনিব পাৰে আৰু তেৱেঁই পুনৰাবৃত্তিও ঘটাব’। গতিকে (সত্যৰ পৰা) তোমালোকক কোন পিনে ওভতাই নিয়া হৈছে।