يَكَادُ ٱلْبَرْقُ يَخْطَفُ أَبْصَٰرَهُمْ كُلَّمَآ أَضَآءَ لَهُم مَّشَوْا۟ فِيهِ وَإِذَآ أَظْلَمَ عَلَيْهِمْ قَامُوا۟ وَلَوْ شَآءَ ٱللَّهُ لَذَهَبَ بِسَمْعِهِمْ وَأَبْصَٰرِهِمْ إِنَّ ٱللَّهَ عَلَىٰ كُلِّ شَىْءٍ قَدِيرٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএনে লাগে যেন বিজুলীৰ চমকনিয়ে সিহঁতৰ দৃষ্টিশক্তি হৰণ কৰি নিবহি। যেতিয়াই অলপ সিহঁতৰ বাবে পোহৰ হয় তেতিয়াই সিহঁত আগবাঢ়ি যায় আৰু যেতিয়াই অন্ধকাৰ হয় তেতিয়াই সিহঁত থমকি ৰয়। আল্লাহে ইচ্ছা কৰিলে সিহঁতৰ শ্ৰৱণশক্তি আৰু দৃষ্টিশক্তি হৰণ কৰিব পাৰিলেহেঁতেন। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।