وَإِذِ ٱعْتَزَلْتُمُوهُمْ وَمَا يَعْبُدُونَ إِلَّا ٱللَّهَ فَأْوُۥٓا۟ إِلَى ٱلْكَهْفِ يَنشُرْ لَكُمْ رَبُّكُم مِّن رَّحْمَتِهِۦ وَيُهَيِّئْ لَكُم مِّنْ أَمْرِكُم مِّرْفَقًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতিয়া যিহেতু তোমালোকে সিহঁতৰ পৰা আৰু সিহঁতে যিবোৰৰ ইবাদত কৰে সেইবোৰৰ পৰা বিচ্ছিন্ন হৈছা, সেয়ে এতিয়া তোমালোকে গুহাত আশ্ৰয় গ্ৰহণ কৰা। তোমালোকৰ প্ৰতিপালকে তোমালোকৰ বাবে তেওঁৰ ৰহমত বিস্তাৰ কৰিব আৰু তোমালোকৰ বাবে তোমালোকৰ জীৱনোপকৰণৰ বিষয়টো সহজ কৰি দিব।